ধেমাজি বিধানসভা সমষ্টিত একেদিনাই ১১ টা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ উদ্ধোধন
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
মাকৰ মুখৰ ভাষাতে হ'ব শিক্ষাদান- ডাঃ ৰণোজ পেগু
চিলাপথাৰ ২৪ আগষ্ট: ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১১ টা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই একেলগে মুকলি কৰে। মৰিঢলত এই উপলক্ষে আয়োজিত এটি অনুষ্ঠানত জনজাতি পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে মৰিঢল ঘাট অঙ্গনবাড়ী কেন্দ্ৰটিৰ অত্যাধুনিক নতুন ভৱনটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। তাৰ লগতে সমষ্টিটোত নিৰ্মাণ কৰি উলিওৱা আন ১০ টা আদৰ্শ কেন্দ্ৰ সাংসদ প্ৰদান বৰুৱাই আভাষীৰূপত (ভাৰ্চুৱেলী) তাতেই উদ্ধোধন কৰে। এই কেন্দ্ৰ সমূহ হৈছে - ধেমাজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত পশ্চিম সুবাহী, বৰমথাউৰী আৰু জামুগুৰি পাচঁআলি অঙ্গনবাড়ী কেন্দ্ৰ,ফ মাছখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ দলগুৰি অঙ্গনবাড়ী কেন্দ্ৰ আৰু বৰদলনি সংগত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ টাইগাৰগুৰি, গোগামুখ, বৰবিলা চুতীয়াকাৰী, চুতীয়াকাৰীফ মহৰিকেম্প চাপৰি আৰু নাহৰবাৰী দক্ষিণ অঙ্গনবাড়ী কেন্দ্ৰ। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, এই কেন্দ্ৰ সমূহৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰো সম্পৰ্ক আছে। নতুন শিক্ষানীতিত শিশুসকলক তিনি বছৰ বয়সৰ পৰাই আনুষ্ঠানিক শিক্ষাদানৰ বাবে দিয়া পৰামৰ্শৰ পৰিপ্ৰেক্ষিতত ৩ ৰ পৰা ৬ বছৰ বয়সৰ শিশু সকলক শিক্ষাদানৰ বাবে অঙ্গনবাড়ী কেন্দ্ৰ সমূহ শক্তিশালী কৰি তোলাৰ প্ৰয়োজন হৈছে। এই কেন্দ্ৰ সমূহত মাতৃভাষাৰ মাধ্যমতে শিক্ষাদান হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে, মাতৃভাষা মানে মাকৰ মুখৰ ভাষা। সেয়া স্বীকৃতস ভাষা নহ'লেও কোনো কথা নাই, ডা: পেগুৱে কয়। তেওঁ কয় যে, অসমীয়াৰ উপৰি সংশ্লিষ্ট অঞ্চলটোৰ জনগোষ্ঠীয় ভাষাৰো প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত ইংৰাজী মাধ্যমত পঢ়োৱাৰ সিদ্ধান্ত সঠিক বুলি দোহাৰি তেওঁ কয় যে, এই লৈস কোনো বিতৰ্কৰ অৱকাশ নাই। সভাত দিয়া ভাষণত সাংসদ প্ৰদান বৰুৱাই কয় যে, চৰকাৰে এই বছৰ ১০০০ অঙ্গনবাড়ী কেন্দ্ৰ আদৰ্শ কেন্দ্ৰলৈ উন্নীত কৰাৰ পিছত অহা বছৰ ২০০০ কেন্দ্ৰক উন্নীত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই দিয়া আদৰণি ভাষণত কয় যে, "সোণালী শৈশৱ বিকশিত অসম" শীৰ্ষক আঁচনিৰ অধীনত চলিত বিত্তীয় বৰ্ষতে ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ পুজিৰে ধেমাজি জিলাৰ বাবে ২২ টা অঙ্গনবাড়ী কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছিল। ইয়াৰে ধেমাজি বিধানসভা সমষ্টিৰ বাবে নিৰ্ধাৰিত ১১ টা কেন্দ্ৰৰ আটাইকেইটাৰ কাম সম্পূৰ্ণ হৈ উঠাৰ বিপৰীতে জোনাই সমষ্টিতো ১১ টা কেন্দ্ৰৰ কাম চলি আছে আৰু সেই কেইটা অতি সোনকালেই সম্পূৰ্ণ হৈ উঠিব। ২৫ লাখ টকাকৈ ব্যয় সাপেক্ষে এই কেন্দ্ৰ সমূহ শিশুসকলৰ বাবে আকৰ্ষণীয় ৰূপত সজাই তুলিব বিচৰা হৈছে। এই সভাতে জিলাখনৰ চাৰিটি শিশুক স্বাস্থ্যবান শিশু বঁটা হিচাপে এখন মানপত্ৰ আৰু পুষ্টিকৰ আহাৰৰ এটি টোপোলা প্ৰদান কৰা হয়। সভাত জিলা পৰিষদৰ সভাপতি মোহন গগৈ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী, মহিলা আৰু শিশু কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত মিৰ্জানা হুছেইন, বিশিষ্ট সমাজ কৰ্মী প্ৰেম দত্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও আদিও উপস্থিত থাকে।