সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত যোৰহাট কৃষি বিশ্ব বিদ্যালয়ৰ সজাগতা সভা

 গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ দয়ালপুৰ গাঁৱত যোৰহাট কৃষি বিশ্ব বিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ উদ্যোগত আৰু বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত কৃষি সম্পৰ্কত এক সজাগতা সভা অনুষ্ঠিত হয়। প্ৰায় ডেৰ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত সভাত যোৰহাট কৃষি বিশ্ব বিদ্যালয়ৰ উদ্যান শস্য  বিভাগৰ মুৰব্বী গৱেষক, ভাৰত চৰকাৰৰ উদ্যান শস্য বিভাগৰ আয়ুক্ত, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে ভালেকেইজন উচ্চ পদস্থ বিষয়া উপস্থিত থাকি ৰাইজৰ মাজত বিভিন্ন খেতি সন্দৰ্ভত বিশেষকৈ জালুক খেতি প্ৰসংগত বহুলভাৱে ভাৱ বিনিময় কৰাৰ লগতে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে। বিগত সময়চোৱাতো এই অঞ্চলসমূহত যোৰহাট কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন আঁচনি ৰূপায়ণ কৰি কৃষকসকলক উপকৃত কৰি আহিছে আৰু কৃষকসকলেও বিভিন্ন উৎপাদিত সামগ্ৰীসমূহ বিগত সময়চোৱাত দেশৰ বিভিন্ন ৰাজ্যৰ লগত যোগাযোগ কৰি উচিত মূল্যত বিক্ৰি কৰি প্ৰচুৰ পৰিমাণে লাভাম্বিত হৈছে।