নতুন দিল্লী, ২৪ আগষ্ট। আজি ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা প্ৰয়াত প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যু বাৰ্ষিকী। তেওঁৰ এই মৃত্যু বাৰ্ষিকীত সকলোৱে তেওঁক স্মৰণ কৰিছে। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও বুধবাৰে জেটলীৰ মৃত্যু বাৰ্ষিকীত স্মৰণ কৰে। শ্বাহে কয় যে জেটলী শাসনত থাকোতে তেওঁ সদায় দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিছিল।

অৰুণ জেটলী এগৰাকী গতিশীল বক্তা, দক্ষ ৰাজনীতিবিদ আৰু অতুলনীয় আইনবিদ আছিল। তেওঁ সদায় ক্ষমতাত থকা অৱস্থাত আৰু বিৰোধী হৈ থকাৰ সময়ত দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিছিল। তেওঁ দেশৰ জটিল অৰ্থনৈতিক আৰু আইনী প্ৰক্ৰিয়াসমুহ সৰল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে কয় শ্বাহে।