নতুন দিল্লী, ২৪ আগষ্ট। দেশত কৰোনাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাই থকাৰ সমান্তৰালকৈ নমুনা পৰীক্ষণৰ সংখ্যাও দ্ৰুতগতিত বাঢ়িছে। যোৱা ২৪ ঘন্টাত দেশত ৪.০৭ লাখৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে। ইতিমধ্যে দেশত কৰোনাৰ নমুনা পৰীক্ষণৰ সংখ্যা ৮৮.৩৫ কোটি অতিক্ৰম কৰিছে।
বুধবাৰে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ চমুকৈ আইচিএমআৰৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ভাৰতত ৪,০৭,০৯৬ টা নমুনা পৰীক্ষা কৰা হৈছে। এই সকলো মিলি বৰ্তমানলৈকে ৮৮,৩৫,২৩,৮৮৬ টা নমুনা পৰীক্ষা কৰা হৈছে।
ইফালে দেশত এই মুহূর্তলৈ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১.১৯ শতাংশ কৰোনা ৰোগী। আনহাতে সুস্থ হৈছে ৯৮.৫৯ শতাংশ ৰোগী আৰু চিকিৎসাধীন হৈ আছে ০.২২ শতাংশ ৰোগী।