ড্ৰাগছৰ বিৰুদ্ধে ধিং আৰক্ষীৰ সফল অভিযান।

ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব ধিং আৰক্ষীৰ।

 ড্ৰাগছৰ বিৰুদ্ধে ধিং আৰক্ষীৰ আন এক সফল অভিযান। যোৱা নিশা ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিটু দাসৰ নেতৃত্বত ধিঙৰ পানবাৰীৰ পৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজিকুল ইছলামক ড্ৰাগছ সহ কৰায়ত্ব কৰিবলৈ সক্ষম হয়। কুখ্যাত ড্ৰাগছ পেডলাৰটোৱে ধিং আৰু মৈৰাবাৰী অঞ্চলত আৰক্ষীৰ চকুত ধূলি দি নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলোৱাৰ সমান্তৰালকৈ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল । যোৱা নিশা ধিং আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত ৰাজিকুলৰ ঘৰত অভিযান চলায় 15.5 গ্ৰাম নিচাযুক্ত পাউদাৰ সহ আটক কৰে কুখ্যাত ড্ৰাগছ পেডলাৰ ৰাজীকুলক । বৰ্তমান ৰাজিকুলক ধিং আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । ইপিনে ,  ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱা ধিং আৰক্ষীক শলাগ লৈছে ধিঙৰ সচেতন মহলে।