দৰং আৰক্ষীৰ বৃহৎ সফলতা , তিনিদিনৰ ভিতৰতে বহিঃৰাজ্যৰ পৰা উদ্ধাৰ অপহৃত কিশোৰী ৷দৰং আৰক্ষীয়ে উদ্ধাৰ কৰিলে তামিলনাডুৰ পৰা তিনিগৰাকী নিৰুদিষ্ট কিশোৰী৷

তামিলনাডুৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ নিৰুদিষ্ট কিশোৰী কেইজনী ৷দলগাওঁ থানাৰ অন্তৰ্গত আমিজুল হ’ক(২৭) আৰু ৰৌতা থানাৰ অন্তৰ্গত বাবু আলি(২৫) নামৰ দুজন সৰ্বৰাহকাৰীয়ে তামিলনাডুলৈ লৈ গৈছিল কিশোৰী কেইজনীক৷

বাবু আলিক তামিলনাডু আৰক্ষীৰ সহযোগত কৰায়ত্ত কৰে যদিও আনজন আমিজুল হ’ক (পিতা মমতাজ আলি)ক কৰায়ত্ত কৰিব পৰা নাই৷ দৰং জিলাৰ পৰা যোৱা আৰক্ষীৰ দলে তামিলনাডুৰ পৰা লৈ আনে এজন সৰ্বৰাহকাৰী বাবু আলি আৰু কিশোৰী তিনিগৰাকীক৷ তামিলনাডুৰ তিৰুভেল্লু জিলাৰ ভেল্লাব’দু থানাৰ সহযোগত উদ্ধাৰ কৰে কিশোৰী কেইজনীৰ লগতে এজন সৰ্বৰাহকাৰী বাবু আলিক৷ ১৩ আগষ্টত নিৰুদিষ্ট কিশোৰী তিনিজনীক ১৫ আগষ্টত উদ্ধাৰ তামিলনাডুৰ তিৰুভেল্লু জিলাৰ পৰা৷