নতুন দিল্লী, ২৩ আগষ্ট। ২৫ আগষ্টৰ সন্ধিয়া স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সুভাষ সৰকাৰে মঙলবাৰে নতুন দিল্লীত এক সংবাদমেলত এই কথা জনায়। স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ পঞ্চম সংস্কৰণ ২৫–২৯ আগষ্টলৈ অনুষ্ঠিত হ'ব। ২৫ আগষ্টৰ নিশা ৮ বজাত কেন্দ্ৰীয় শিক্ষা, দক্ষতা আৰু উদ্যোগমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আদৰণি ভাষণ প্ৰদান কৰিব বুলি জনায়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছআইএইচ-২০২২ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পিছত হেকাথন ২০২২ আৰম্ভ হ'ব।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
হেকাথন ২০২২ৰ বাবে প্ৰায় ২৯৬৩৪ জন প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে। পূৰ্বৰ হেকাথনতকৈ এইবাৰ অধিক। এইবাৰ ৪৯০১ জনে পঞ্জীয়ন কৰিছে। কৰোনাৰ বাবে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অনুষ্ঠিত হেকাথন ২০২০-ত ২৪৭৩৩ জন প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল। ২০১৭ চনত ৭৫৩১ জন প্ৰাৰ্থী, ২০১৮ চনত ১৭৪৩৫ জন আৰু ২০১৯ চনত ২৫৮০৯ জন প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।