অসম আৰক্ষীৰ জিম্মাৰ পৰা পুনৰ পলাল কয়দী। মঙলবাৰে কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা কয়দী পলায়ন কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সূত্ৰ অনুসৰি, আব্দুল মুজিব নামৰ কয়দী গৰাকীক কৰিমগঞ্জ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল

জানিব পৰা মতে, পলায়ন কৰা কয়দীজনক আজি জিলা আদালতলৈ লৈ যোৱা হৈছিল। আদালতত উপস্থিত হোৱাৰ পিছতে অভিযুক্তই বাথৰুমলৈ যাবলৈ অনুমতি বিচাৰিছিল।

বাথৰুমত বহু সময় লগোৱাত আৰক্ষীৰ সন্দেহ হয় আৰু পৰীক্ষা কৰিবলৈ আৰক্ষীয়ে বাথৰুমত প্ৰৱেশ কৰে। কিন্তু ইতিমধ্যেই কয়দীজন ঘটনাস্থলৰ পৰা ইতিমধ্যেই পলায়ন কৰে।

অনুসন্ধানত পোহৰলৈ আহে যে কয়দীজনে বাথৰুমৰ ভেণ্টিলেটৰৰ গ্লাছ ভাঙি আদালত চৌহদৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে পুনৰ কয়দীজনক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে।