নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এটা বিজ্ঞানাগাৰ মুকলি কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে৷

কেবাটাও কাৰ্যসুচী লৈ নাৰায়ণপুৰত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনলৈ গৈ এটা বিজ্ঞানাগাৰ মুকলি কৰি শীঘ্ৰে বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শাখাত বিজ্ঞান শাখা মুকলি কৰিব বুলি জানিবলৈ দিয়ে৷

উল্লেখ্য যে মাধৱদেৱ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নিত হোৱাৰ পাছত নাৰায়ণপুৰত বিজ্ঞান শাখাৰ বাবে নাই এখনো চৰকাৰী বিদ্যালয়।