চিলাপথাৰৰ কুলাজানত ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ন

উত্তৰ অসমৰ চিলাপথাৰৰ কুলাজানৰ পৰা বগীবিল, জোনাই আৰু ধেমাজি হৈ গোগামুখলৈ যোৱা বিদস্ত ৰাষ্ট্ৰীয় ঘাইপথে কেইবাহ মাহ ধৰি জ্বলা কলা খুৱাই আহিছে জনসাধাৰণক। বিদস্ত ৰাষ্ট্ৰীয় ঘাইপথ সমূহ শীঘ্ৰেই নিৰ্মাণ ৰ দাবীত আজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাপথাৰৰ কুলাজানত ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন কৰে মানৱ শৃংখল কাৰ্যসূচী। শতাধিক আছুৰ কৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড বেনাৰ লৈ ৰাজপথৰ দুয়োকায়ে শাৰী পাতি ৰূপায়ন কৰে এই মানৱ শৃংখল কাৰ্য্যসূচী। প্ৰতিবাদী আছু কৰ্মীসকলে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰক , অসম চৰকাৰ হায় হায় , বিজেপি গ'বেক, ৰণোজ পেগুৰ গ'বেক বিধায়ক ভূৱন পেগু ৰ কাম নাই , প্ৰদান বৰুৱা হুচিয়াৰ , আমাৰ দাবী মানিব লাগিব, আছু জিন্দাবাদ আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তুলে কুলাজানৰ ৰাজপথ।