মাজুলীত শিশু অপহৰণৰ চেষ্টাৰ ঘটনাকলৈ উদ্বিগ্ন আছু

আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান

শীঘ্ৰে এই চক্ৰ উৎখাত কৰিবলৈ দাবী৷

মাজুলীত বৰ্তমান সময়ত বহু দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আহিছে৷ মাজুলী জিলা আৰক্ষী প্ৰশাসনৰ প্ৰত্যক্ষ হস্তক্ষেপৰ জড়িয়তে এই সমস্যা সমূহ সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ দাবী জনাই স্মাৰক পত্ৰ কৰিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই৷ আজি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামী, জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মা, সহকাৰী সাধাৰণ সম্পাদক কংকন বৰঠাকুৰৱে আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে৷ ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে- মাজুলীত বৰ্তমান সময়ত এক সপ্তাহৰ ভিতৰতে দুটাকৈ শিশু অপহৰণৰ চেষ্টাৰ ঘটনা সংবাদ মাধ্যমৰ জড়িয়তে আমি অৱগত হোৱাৰ পিছত বৰ্তমান শংকিত সমগ্ৰ মাজুলীবাসী৷ অতি শীঘ্ৰে এই ভয়াবহ সমস্যাটো সমাধানৰ বাবে জিলা আৰক্ষী প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে আছুৱে৷ বিশেষকৈ প্ৰতিখন থানা, আউটপোষ্টে যাতে সঠিকভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নি দোষীক তাৎক্ষণিক ভাৱে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্তিৰ প্ৰদানৰো দাবী জনাইছে৷ লগতে মাজুলী আৰক্ষীয়ে প্ৰতি অঞ্চলত সঘন পেট্ৰ’লিঙৰ ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক নিশ্চিত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাই৷ প্ৰতিখন গাওঁৰক্ষী বাহিনীক সষ্টম কৰি প্ৰতি সময়ত প্ৰতিখন গাঁৱত পহৰাৰ ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে৷ ইয়াৰোপৰি মাজুলীত কৰ্ম সুত্ৰে থকা বাহিৰৰ ব্যক্তি সকলৰ সমূহ তথ্য প্ৰতি থানা, পঞ্চায়ত অথবা গাওঁ প্ৰধানৰ হাতত আছিলনে বুলি প্ৰশ্ন কৰে৷ লগতে এই লোক সকলক তীক্ষ্ণ নজৰ দিবলৈ দাবী জনাইছে৷ সমান্তৰালভাৱে মাজুলীবাসীয়ে কৰ্ম সম্পাদনৰ ক্ষেত্ৰত স্থানীয় লোকক প্ৰাধান্য দি গৃহ নিৰ্মাণ বা অন্যান্য কামত নিয়োজিত কৰিবলৈ আহ্বান জনাইছে৷ অন্যথা এই সকলৰ মাজতে যে কোনোবা দুষ্ট চক্ৰ নাথাকিব তাৰ কোনো নিশ্চয়তা নাই৷ বিষয়টো আৰক্ষী প্ৰশাসন আৰু মাজুলীবাসীয়ে গুৰুত্বপ্ৰদান কৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মাজুলী আছুৱে৷