পিয়লি ফুকন নগৰত, সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ কৰ্মশালা
◾মুজুৰা কলাকেন্দ্ৰৰ পৰিচালনাত ১৮ জুলাইৰ পৰা পিয়লি ফুকন নগৰ উন্নয়ন সমিতিৰ কাৰ্যালয়ত বিশিষ্ট সত্ৰীয়া নৃত্য গুৰু শ্ৰী যুত গোবিন্দ শইকীয়া বৰবায়ন দেৱে শুভাৰম্ভ কৰা সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ কৰ্মশালা খনিৰ ২৬ জুলাই তাৰিখে সামৰণি পৰে।
◾কৰ্মশালা খনি সুন্দৰ ভাবে পৰিচালনা কৰে মুজুৰা কলাকেন্দ্ৰ ৰ সঞ্চালক পংকজ বৰুৱা আৰু অধ্যক্ষা বাবী ভৰালী বৰুৱাই ।
◾সামৰণি অনুষ্ঠানত উপস্থিত থাকে ,বিশিষ্ট কবি,গল্পকাৰ তথা সত্ৰীয়া আৰু লোক সংগীতৰ এগৰাকী সু-প্ৰতিষ্ঠিত শিল্পী বেবী ভূঞা ,দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক অতুল দত্ত , ডেমক্ৰেচী লাইভৰ সঞ্চালক মৰম কুমাৰ আৰু কলাৰত্ন উপাধিৰে বিভূষিতা একেধাৰে সংগীত শিল্পী, নৃত্য শিল্পী ,চিত্ৰ শিল্পী , কবি জনপ্ৰিয় সমাজ সেৱিকা মিনতি বৰুৱা।◾আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলৰ হাতেৰে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা হয় বুলি সঞ্চালক পংকজ বৰুৱা আৰু অধ্যক্ষা বাবী ভৰালী বৰুৱাই জানিব দিয়ে।