ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ''এগীকালচাৰেল টেকটনলজি মেনেজমেণ্ট এজেন্সি ''চমুকৈ ''আত্মা 'ৰ অধীনত সোমবাৰে ঢকুৱাখনা আৰু ঘিলামৰা কৃষি উন্নয়ন খণ্ডৰ ৪টা মহিলা খাদ্য সুৰক্ষা আঁচনিৰ অধীনত চৰকাৰী আঁচনিৰ সামগ্ৰী বিতৰণ কৰা হয়।ঢকুৱাখনা মহকুমাৰ কৃষি বিষয়া কাৰ্যালয় প্ৰাংগণত সোমাবাৰে এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত এই চৰকাৰী সামগ্ৰী সমূহ বিতৰণ কৰা হয়।মহকুমাৰ কৃষি বিষয়া গৌতম চন্দ্ৰ ডেকাই সঞ্চালন কৰা উক্ত অনুষ্ঠানত ঢকুৱাখনা আৰু ঘিলামৰা কৃষি খণ্ডৰ বিষয়া বৰ্গৰ লগতে মহিলা আত্মসহায়ক গোট সমূহৰ উদ্যমী মহিলা সকল উপস্থিত থাকে।
ঢকুৱাখনা মহকুমাৰ মাহকুমাৰধিপতি অৰিন্দম বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহকুমাৰটোৰ আত্মসহায়ক গোট সমূহক চৰকাৰী স্বনির্ভৰশীল আঁচনি সমূহৰ জৰিয়তে নিজৰ লগতে অন্যান্য উদ্যোগী মহিলা সকলক আত্ম নিৰ্ভৰশীল সমাজ গঠন কৰাৰ বাবে আত্মনিয়োগ কৰাৰ আহ্বান জনায়।
ঢকুৱাখনা কৃষি খণ্ডৰ কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰা, সহকাৰী কাৰিকৰী প্ৰবন্ধক কংকনা গগৈয়ে অংশগ্ৰহণ কৰা সভাৰ উদ্দেশ্য বিখ্যা কৰে খণ্ড কাৰিকৰী প্ৰবন্ধক ডঃ বিজয় কুমাৰ দত্তই সভাত ঢকুৱাখনা খণ্ড নন্দিনী আত্মসহায়ক গোট (বালি গাঁও) প্ৰিয়া জন কল্যাণ গোট (মহঘুলি চাপৰি)আৰু ঘিলামৰা খণ্ডৰ ৰাণী জনকল্যান গোট (সোনাৰি চাপৰি )আৰু উত্তৰন বোৱা কটা আত্মসহায়ক গোট (চীনাই দীঘলী)মিক্সৰ গাইণ্ডাৰ, চিলিং মেচিন,আচাৰ প্ৰস্তুত কৰনৰ সামগ্ৰী, ব্যৱসায় ভাবে কাঠফুলা খেতিৰ বাবে চেগ কাটাৰ মেচিন আৰু বিভিন্ন যাৱতীয় সামগ্ৰী বিতৰণ কৰা হয়।