নতুন দিল্লী, ২২ আগষ্ট । বিজেপিত যোগদান নকৰাৰ বাবেই ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হৈছে বুলি অভিযোগ কৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই। বিজেপিয়ে তেওঁক তেওঁলোকৰ দলত যোগদান কৰাৰ প্ৰস্তাৱ দিছিল। তেওঁ কোনো পৰিস্থিতিত বিজেপিত যোগদান নকৰে। তেওঁ মহাৰাণা প্ৰতাপৰ বংশধৰ। তেওঁ জীৱন দিব কিন্তু বিজেপিত যোগদান নকৰে বুলি প্ৰত্যুত্তৰ দিয়ে।
চিছোদিয়াই সোমবাৰে টুইট কৰি কয় যে তেওঁ বিজেপিৰ পৰা এক বাৰ্তা লাভ কৰিছে যে তেওঁ আম আদমী পাৰ্টি (আপ) সলাই বিজেপিত যোগদান কৰিব লাগে। আনকি তেওঁক এইটোও কোৱা হৈছে যে যদি তেওঁ বিজেপিত যোগদান কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্ত সংস্থা আৰু প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সকলো তদন্ত বন্ধ কৰা হ'ব।
উল্লেখযোগ্য যে পূৰ্বে চিবিআইয়ে সুৰা কেলেংকাৰীৰ সন্দৰ্ভত চিছোদিয়াৰ ঘৰত তালাচী অভিযান চলাইছিল। ইয়াৰ পিছত আপৰ নেতাসকলে অভিযোগ কৰিছিল যে বিজেপিয়ে কেজৰিৱালৰ উন্নয়নৰ আৰ্হিত ব্যাঘাত জন্মাব বিচাৰিছে। চিছোদিয়াই তেওঁৰ বিবৃতিত এইটোও কৈছিল যে বিজেপি চৰকাৰে দিল্লীৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাত বাধা সৃষ্টি কৰিব বিচাৰে। সেইকাৰণে আপ নেতাসকলক ইডি আৰু চিবিআইৰ দ্বাৰা ভয় খুৱাই থকা হৈছে।