কলকাতা, ২২ আগষ্ট। দিল্লীৰ এখন আদালতে দুদিনৰ বাবে চিবিআই জিম্মালৈ প্ৰেৰণ কৰিছে শিক্ষক নিযুক্তি দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এছএছচিৰ প্ৰাক্তন উপদেষ্টা অশোক সাহা আৰু শান্তি প্ৰসাদ সিন্হাক। দুয়োজনকে সোমবাৰে বেংকশাল আদালতৰ এখন বিশেষ চিবিআই আদালতত হাজিৰ কৰোৱা হয়। ন্যায়াধীশ শুভ্ৰথি সৰকাৰে দুয়োকে বুধবাৰলৈকে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। শুনানিৰ সময়ত দুয়োজনৰ পৰামৰ্শদাতাই কৈছিল যে কেন্দ্ৰীয় সংস্থাটোৱে তেওঁলোকক সোধা-পোছাৰ মতাত প্ৰতিবাৰেই তেওঁলোক আহি আছে। যাৰবাবে তেওঁলোকক আটক কৰাৰ কোনো যৌক্তিকতা নাই। 

চিবিআইৰ পৰামৰ্শদাতাই অৱশ্যে কৈছিল যে দুয়োজনে তেওঁলোকৰ আন সহযোগীসকলৰ সৈতে শিক্ষক নিযুক্তি দুৰ্নীতি সম্পৰ্কীয় কেইবাটাও প্ৰমাণ মচি পেলাইছিল। ইয়াৰ উপৰিও নিযুক্তি দুৰ্নীতিৰ গোচৰত আৰু বহু কথা আছে যিবোৰ সোধা-পোছা কৰাৰ পিছতহে পোহৰলৈ আহিব। দুয়োপক্ষৰ যুক্তি শুনি আদালতে তেওঁলোকক আৰু দুদিনৰ বাবে চিবিআইৰ জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিছে।