ভূপাল, ২২ আগষ্ট। "মুখ্যমন্ত্ৰী আৰক্ষী আৱাস" আঁচনিৰ অধীনত সোমবাৰে ভূপালত আৰক্ষীকৰ্মীৰ গৃহ আৰু প্ৰশাসনিক ভৱনৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। শ্বাহে ৰাজ্যখনৰ ১০ খন আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৫০ টা স্মাৰ্ট শ্ৰেণী আৰু ডিজিটেল ষ্টুডিঅ' উদ্বোধন কৰে। 

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু গৃহমন্ত্ৰী ড০ নৰোত্তম মিশ্ৰও উপস্থিত আছিল। সোমবাৰে ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত আধাৰিত এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ৰিম'ট বুটাম টিপি ২৬১ কোটি ৬৯ লাখ টকা ব্যয় সাপেক্ষে ১৩০৪ টা আৱাসিক ভৱন আৰু ৬৭ কোটি ৯১ লাখ টকা ব্যয়ৰ ৫৪ টা প্ৰশাসনিক ভৱন উদ্বোধন কৰে। ইয়াৰ লগতে তেওঁ ৫১ কোটি ১২ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ৫৪ টা প্ৰশাসনিক ভৱন আৰু ৩৪ কোটি ৬৮ লাখ টকাৰ ১৬৮ টা আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। কাৰ্যসূচীটোত বৃহৎ সংখ্যক আৰক্ষী বিষয়া, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালো উপস্থিত আছিল।