বৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত এক লাখ ২০হাজাৰ টকাৰ মূল্য মাইক্ৰক্স'প হেৰুৱাত থানাত এজাহাৰ দাখিল।

বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত হৈছে কি?

চিকিৎসক বিহীন ভাবে চলা স্বাস্থ্য কেন্দ্ৰত হঠাতে হেৰাল কেনেকৈ মাইক্ৰক্স'প 

চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত বৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ পৰা এটা প্ৰায় এক লাখ বিশ হাজাৰ টকাৰ মূল্য মাইক্ৰক্স'প চিকিৎসা কেন্দ্ৰৰ পৰা এক ৰহস্য জনক ভাবে হেৰুৱা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।উল্লেখ্য যে চিকিৎসা কেন্দ্ৰ খনৰ লেবেটৰীত ৰোগীৰ বিভিন্ন পৰীক্ষা কৰিবৰ বাবে অতি প্ৰয়োজনীয় সামগ্ৰী মাইক্ৰক্স'প যন্ত্ৰটো ৰহস্য জনক ভাবে হেৰুৱাত সচেতন ৰাইজে উদ্ৰেক প্ৰকাশ কৰিছে। তদুপৰি বৰ্তমান চিকিৎসা কেন্দ্ৰটোত এজনো চিকিৎসক নথকাত এক অৰাজকতা সৃষ্টিৰ ফলতে এনে কাৰ্য হৈছে বুলি একাংশ ৰাইজে অভিযোগ কৰিছে।এই সন্দৰ্ভত আজি বৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চাৰ্ভেলেণ্স ইনস্পেক্টৰ নিপেন বৰাই বৰহাট আৰক্ষী      থানাত এখন এজাহাৰ দাখিল কৰে।