কলাইগাওত বিজেপিৰ বিশাল যোগদান কায‌্যসুচী।

ভাৰতীয় জনতা পাৰ্টীৰ কলাই গাওঁৰ মুদৈবড়ী মণ্ডলৰ উদ্যোগত হোৱা আজি এই বিশাল বিজেপিৰ যোগদান কাৰ্যসূচীত প্ৰায় ১০০০লোকৰ সমাবেশ হোৱা এই অনুষ্ঠানত বিপিএফ,অগপ, কংগ্ৰেছ দলৰ পৰা বহু বিশিষ্ট বিষয়ববীয়াৰ লগতে প্ৰাক্তন আছু বৃহত্তৰ অসমীয়া যুব মঞ্চৰ বিষয়ববীয়া সকলে আজি বিজেপি ত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

কলাই গাঁৱৰ প্ৰগতিশীল জনমঞ্চত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,মিন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতা মধু ডেকা,জিলা বিজেপিৰ সভাপতি সুনিল বসুমতাৰী, বিটি চিৰ ই এম দিগন্ত বৰুৱা ৰ লগতে বিজেপিৰ জেষ্ঠ নেতা কৰ্মী সকল উপস্থিত থাকে।

আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অভিযোগ কৰিছে যে বিজেপি য়ে অসমীয়া ভাষাক হত্যা কৰাৰ চেষ্টা কৰিছে।এই লৈ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ দিলীপ শইকীয়াই।