শনিবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডবা তিনি আলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত মাহমৰা সমষ্টিৰ অন্তৰ্গত ভূমিহীন খিলঞ্জীয়া লোকক মিচন বসুন্ধৰা-২ ৰ অধীনত ভূমি অধিকাৰ প্ৰদানৰ উদ্দেশ্যে ভুমি পট্টাপ্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত কৰাহয়। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ , চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী , দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ভৈৰৱ দেউৰী , মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, আদি বহু সংখ্যক গণ্য মান্য লোক উপস্থিত থাকে। এই অনুষ্ঠানত মাহমৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ মুঠ এহেজাৰ।আঠশ বিৰাশী গৰাকী ভূমিহীন লোকক ভূমিপট্টা আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়।
মাহমৰা ডবা তিনিআলি প্ৰেক্ষাগৃহত মাহমৰা সমষ্টিভিত্তক ভূমি পট্টা বিতৰণ অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/02/nerity_831f305d1a834ddbb85da934778c068b.jpg)