চেন্নাইৰ পৰা গুৱাহাটীলৈ আহি থকা ইণ্ডিগো বিমানত নিশা মৃত্যু হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এজন লোকৰ।

লোকজন যোগীঘোপাৰ বৰঘোলাঝাৰৰ হাইদৰ আলী।

৬০০৬ নম্বৰৰ ইণ্ডিগো বিমানত দেওবাৰে নিশা ঘটে এই ঘটনা। লোকজনে ১০ দিন পূৰ্বে চেন্নাইত গৈছিল কিডনীৰ চিকিৎসাৰ বাবে।

চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াত দেওবাৰে ঘৰলৈ উভতি আহিছিল।

নিশা গুৱাহাটী বিমান বন্দৰত অৱতৰণৰ পূৰ্বেই বিমানতে মৃত্যু হয় লোকজনৰ।

লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।