অসমীয়া সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি। 'নামঘৰীয়া' উপন্যাসৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ আজি দেহাৱাসান ঘটে। বিগত প্ৰায় ১০ দিন ধৰি জি এম চি এইছত চিকিৎসাধীন হৈ থকা সাহিত্যিক গৰাকীয়ে আজি পুৱা ৪.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৫ চনত জন্মগ্ৰহণ কৰা সাহিত্যিক গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ। 

গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদকৰূপে অসমীয়া সাহিত্য জগতত সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা সাহিত্যিক গোস্বামীৰ অনবদ্য অৱদান হৈছে 'নামঘৰীয়া'। এই উপন্যাসখন পৰৱৰ্তী সময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক ৰূপেও সম্প্ৰচাৰ কৰিছিল। অসমীয়া ভাষাৰ পৰা ইংৰাজী, বাঙালী আৰু ওড়িয়া ভাষালৈ তথা ভিন্ন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদক হিচাবেও প্ৰয়াত সাহিত্যিক গৰাকীয়ে কাৰ্যনিৰ্বাহ কৰিছিল।

অতুলানন্দ গোস্বামীৰ সৃষ্টিৰাজিৰ মাজত আছিল- হামদৈ পুলৰ জোন(১৯৬৬), গল্প(১৯৬৭), চেনেহ জৰীৰ গাঁথি(২০০৫), ৰাজপাট(১৯৭৬), পলাতক(১৯৮৩), আশ্ৰয়(১৯৯৩),নামঘৰীয়া(১৯৮৯) আৰু নিগ্ৰো কাপল ইন চাৰ্ছ অব শিৱ(১৯৯৪)। ইয়াৰ উপৰিও ৫ খন অনুবাদ গ্ৰন্থও আছে।

বিখ্যাত উপন্যাস 'নামঘৰীয়া'ৰ বাবে অসম সাহিত্য সভাৰ 'অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা' আৰু কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল। 'বলিয়া হাতী' গল্পৰ বাবে ১৯৯২ চনত 'কথা' বঁটা আৰু ২০০৬ চনত 'চেনেহ জৰীৰ গাঁথি'ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ২০১৩ চনত অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল। বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ বিয়োগ অসমীয়া সমাজ, সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি।