প্ৰথমবাৰলৈ চৰাইদেউত শাক-পাচলিৰ গ্ৰাফ্টিং পদ্ধতিৰ বিশেষ প্ৰশিক্ষণ

চৰাইদেউ জিলাৰ কাকতিবাৰীৰ বাসিন্দা বিবি দুৱৰীৰ সুন্দৰবন নাৰ্চাৰীত যোৱা ২১ আগষ্টত গ্ৰাফ্টিং পদ্ধতিৰে বাৰিষাকালত শীতকালীন শাক-পাচলিৰ উৎপাদনৰ ওপৰত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়৷ ৱৰ্ল্ড ভেজিটেবল চেণ্টাৰৰ দক্ষিণ-পূৱ এছিয়াৰ হায়দৰাবাদস্থিত কেন্দ্ৰৰ নাৰ্ছাৰী বিশেষজ্ঞ ডঃ ৰবিশংকৰ মণিকামে এই প্ৰশিক্ষণ প্ৰদান কৰে৷ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলাৰ এপাৰ্টৰ দ্বাৰা আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে ইটিচি কনচাল্টেণ্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বিশেষজ্ঞ সঞ্জীৱ ৰাথোড়ৰ লগতে এফপিচিৰ চিইঅ' সাগৰ পেমোড আৰু এমডি 

 বিলাস বিদগাৰ আৰু হৰিশ্চন্দ্ৰ পেমোড। ইয়াৰ উপৰি জিলা কৃষি বিষয়া ৰবীন য়েইন, বিটিএম উৎপল বৰা আৰু সমীৰণ ডেকা, ডিএইচচি ৰোহিত য়েইন আৰু ৰিতুপৰ্ণ ঘৰফলিয়া আৰু ডব্লিউভিচি বিজয়া বোৰাৰ উপস্থিতিত অনুষ্ঠানটো সফলতাৰে পৰিচালনা কৰা হয়।