সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ নগদ ধন, নিচাজাতীয় টেবলেট সহ তিনিগৰাকী লোকক আটক।

 নামতোলা আৰক্ষীয়ে সোণাৰিৰ অসম-নগালেণ্ড সীমান্তত অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান। আজিও তেনে এক অভিযান চলাই নামতোলা আৰক্ষীয়ে নিচাজাতীয় টেবলেট সহ এগৰাকী নগা যুৱক আৰু দুগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক কেইগৰাকীৰ নাম নানছা কন্যাক, ভাৰতী ৰয় আৰু নানু লিম্বো। নামতোলাৰ টিলা লাইনত নামতোলা আৰক্ষীয়ে অভিযান চলাই আটকাধীন লোকেইজনৰপৰা ৯১ টা নিচাজাতীয় টেবলেট সহ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।