মনিপুৰ ভূমিস্খলনত নিহত, আহত শ্ৰমিকৰ পৰিয়ালক অসম চৰকাৰৰ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান। লাহৰীঘাটৰ খোৰাগোসাঁই বড়িত এক শোকাকুল পৰিবেশত মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰদান কৰিলে চেক। নিহত ১৬ গৰাকী শ্ৰমিকৰ ভিতৰত ১৫ গৰাকী শ্ৰমিকৰ আত্মীয়লৈ ২ লাখকৈ টকাকৈ আৰু আহত সকলক ২৫ হেজাৰ টকাৰ চেক মন্ত্ৰী দুগৰাকীয়ে শোকাকুল পৰিবেশৰ মাজত প্ৰদান কৰে। উল্লেখ্য যে যোৱা ২৯ জুনৰ নিশা মণিপুৰৰ টুপুলত সংঘটিত বিধ্বংসী ভূমিস্খলনত লাহৰীঘাটৰ কুশতলিৰ ১৬ গৰাকীকৈ শ্ৰমিকৰ অকাল মৃত্যু ঘটিছিল আৰু আন ৫ গৰাকীকৈ শ্ৰমিক আহত হৈছিল।ভূমিস্খলনত কুশতলি অঞ্চলৰ গোপাল ফুকন,উৎপল ফুকন, হনুমান কোঁৱৰ,সনাল কোঁৱৰ,উপেন্দ্ৰ কোঁৱৰ,আকাশ লৰম,পল্লৱ লৰম,ৰামু ফুকন,মমিন ডেকাৰজা, দিপাংকৰ বৰদলৈ, জোণ্টি বৰদলৈ, হৰমোহন ডেকা, কল্পজ্যোতি বৰদলৈ, তুপেন পাতৰ আৰু দেৱজিৎ ফুকনৰ মৃত্যু ঘটিছিল। আন ৫ জন আহত হৈছিল।ইয়াৰে ১৫ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হ'ল যদিও অঞ্চলটোৰ বৰবড়ী গাঁৱৰ তুপেন পাতৰৰ মৃতদেহ আজিও উদ্ধাৰ নহল।
তথাপি তুপেন পাতৰৰ পৰিয়ালেও লাভ কৰিছে ২ লাখ টকাৰ চেক।অৱশ্যে ইয়াৰে পৰিয়াল কেন্দ্ৰিক সংঘাটৰ বাবে হৰমোহন ডেকাৰ পত্নীয়ে আজি লাভ নকৰিলে অসম চৰকাৰে প্ৰদান কৰা ২ লাখ টকাৰ চেক।ইফালে নিহত শ্ৰমিক সকলৰ পৰিয়াল বৰ্গক সহায়ৰ হাত আগবঢ়াই যাব বুলিও মন্ত্ৰী দুগৰাকীয়ে কয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખેડા ભારતીય જનતા પાર્ટીના ઉમેદવાર રાજુભાઈ ઝાલા ને 5173 મત ની લીડથી જીત
ખેડા ભારતીય જનતા પાર્ટીના ઉમેદવાર રાજુભાઈ ઝાલા ને 5173 મત ની લીડથી જીત
Varun Gandhi का टिकट काटेगी BJP?, सपा में जाने की अटकलें पर क्या बोले Akhilesh Yadav?
Varun Gandhi का टिकट काटेगी BJP?, सपा में जाने की अटकलें पर क्या बोले Akhilesh Yadav?
7th Phase Voting : Patna Sahib और Pataliputra सीट पर मतदान से पहले क्या है मिजाज? |Misa Bharti | BJP
7th Phase Voting : Patna Sahib और Pataliputra सीट पर मतदान से पहले क्या है मिजाज? |Misa Bharti | BJP
মাৰ্ঘেৰিটাৰ ১নং নয়াকুজুৰ নীলকান্ত শইকীয়াৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড
মাৰ্ঘেৰিটাৰ ১নং নয়াকুজুৰ নীলকান্ত শইকীয়াৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড
एसडीएम साहिबा घूघंट की आड़ में मरीज बनकर पहुंची अस्पताल।
जनपद फिरोजाबाद में, एसडीएम साहिबा घूघंट की आड़ में मरीज बनकर पहुंची अस्पताल। सूत्रों से जानकारी...