বৰহাট মহাবিদ্যালয়ত নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল কৰনৰ দাবীত অসম ক'লেজ শিক্ষক সংস্থা উদ্যোগত সৰ্বাত্মক কৰ্মবিৰতি পালন।

অসম কলেজ শিক্ষক সংস্থাৰ উদ্যোগত তথা বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু কৰ্মচাৰী সংস্থাৰ সহযোগত আজি বৰহাট মহাবিদ্যালয়ৰ সন্মুখত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা,কৰ্মচাৰী সকলে  সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সংস্থাৰ নিৰ্দেশ ক্ৰমে নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে পৰণি পেঞ্চন ব্যৱস্থা বাহাল কৰণৰ দাবীত দুঘণ্টীয়া কৰ্মবিৰতি পালন কৰি কলা বেজ পৰিধান কৰি অধ্যাপক সকলে দাবী সাব্যস্ত কৰে।কৰ্মবিৰতি স্থলীত অসম ক'লেজ শিক্ষক সংস্থাৰ বৰহাট মহাবিদ্যালয় গোটৰ সভাপতি বাৰিন্দ্ৰ দাস,সম্পাদক পৰাণ কটকী নেতৃত্বত মহাবিদ্যালয়ৰ অধ্যাপক সকলে অংশগ্ৰহণ কৰে।