অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত শিক্ষা খণ্ডৰ ডিজিটেলাইজেচন প্ৰক্ৰিয়াৰ অংশ  হিচাপে দুটা ম’বাইল এপ আৰম্ভ কৰিছে ৷ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে ২৬ জুলাই ২০২২ তাৰিখে উন্মোচন কৰা এপ দুটাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী শিক্ষাৰ পাঠদান “স্প’কেন ইংলিচ" আৰু  হাইস্কুল আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হব ৷