পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত অসম কলেজ শিক্ষক সংস্থা, মাজুলী মণ্ডলৰ উদ্যোগত 'সৰ্বাত্মক কৰ্মবিৰতি' কাৰ্যসূচী পালন কৰা হয়। সংস্থাৰ উদ্যোগত মাজুলীৰ বিভিন্ন মহাবিদ্যালয়ৰ লগতে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটেও পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত দুঘন্টীয়া 'সৰ্বাত্মক কৰ্মবিৰতি' পালন কৰা পৰিলক্ষিত হয়।