চিলাপথাৰৰ বাৰূৱতীত কৃতী ছাত্র ছাত্ৰীক সম্বৰ্ধনা

চিলাপথাৰৰ বাৰূৱতী কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল আৰু জ্ঞান অন্বেষণ মঞ্চ তথা অঞ্চলবাসী ৰাইজৰ সহযোগত পুথিভঁৰালটিৰ প্ৰাঙ্গনত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে অঞ্চলটোৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকল সম্বৰ্ধনা জনাই। এই সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃক্ষৰোপন,পুথিভঁৰালৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, কুইজ,আকস্মিক বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। দেৱজিৎ লাহনৰ তত্বাৱধানত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি পুথিভঁৰালৰ ছাত্ৰ ছাত্ৰী সকলৰ লেখনিৰে "প্ৰজন্ম" নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে।পত্ৰিকাখনি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ বিতুপ্ৰতীম বৰুৱাই। পুথিভঁৰালৰ সভাপতি বিক্ৰম গগৈৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনি আঁত ধৰে ভাস্কৰজ্যোতি ভৰালীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় উদ্ যাপন সমিতিৰ সম্পাদক পাৰ্থ সন্দিকৈয়ে। বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে বেতনিপাম মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক কৃষ্ণকান্ত শইকীয়া,সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা,ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈৰ লগতে বহু লোক।