সোণাৰি দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।

বৃদ্ধি পাইছে উদণ্ড বাইক চালকৰ দৌৰাত্ম্য ।

পৰিবহন বিভাগৰ নীৰৱতাৰ সুযোগ লৈছে একাংশ কম বয়সীয়া বাইক চালকে।

সোণাৰিত প্ৰতিদিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা।

দেওবাৰে সন্ধিয়া ৮.৩০ মান বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰ বেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত সোণাৰি চাহ বাগিচাৰ দুই যুৱক।

আহত যুৱকদ্বয়ৰ নাম সুমিত চাহু আৰু খগেশ্বৰ তাঁতী।

সোণাৰিৰ টাওকাক নদীৰ দলঙৰ সমীপত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন তীব্ৰ বেগী বাইক আৰোহীৰ।

আহত যুৱকদ্বয়ক ততাতৈয়াকৈ সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি চিকিৎসাৰ বাবে।