চিলাপথাৰত বিশ্ব শান্তিৰ আৰাধনাৰে সপ্তাহব্যাপি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান

চিলাপথাৰ সৰ্বজনীন কালিবাড়ীত আজিৰে পৰা আৰম্ভ হৈছে সপ্তাহব্যাপি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। আজিৰে পৰা ২৮ আগষ্টলৈকে অনুষ্ঠিত হ'ব লগা বিশ্ব শান্তি ৰ বাবে আয়োজন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত ইতিমধ্যেই সুধুৰ বৃন্দাবন ৰ পৰা আহি উপস্থিত হৈছে ১০০৮ শ্ৰী শ্ৰী পানকৃষ্ণ দাস বাবাজীৰ কৃপা পাত্ৰ শ্ৰী শ্ৰী কৃষ্ণদাস গোস্বামী মহাৰাজ। পৰিচালনা সমিতিয়ে সমূহ ভক্তপান ৰাইজৰ উপস্থিতিতি ও সহায় সহযোগিতা কামনা কৰিছে।