বিটিআৰৰ অধীনত বসবাস কৰা গোর্খা জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু ভৌগলিক দিশৰ সৰ্বাঙ্গীন বিকাশৰ লগতে প্ৰাপ্য অধিকাৰ আদায়ৰ উদ্দেশ্যে আগত ৰাখি জন্ম হোৱা বিটিআৰ গোর্খা সমাজৰ চিৰাং জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি ভাৰত ভুটান সীমান্ততৰ শান্তিপূৰ গোর্খা ভৱনত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। বিটিআৰ গোর্খা সমাজৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মতে পুৱা আঠ বজাত পতাকা উত্তোলন কৰে চিৰাং জিলা সমিতিৰ সভাপতি বিমল শৰ্মাই। ৮-৩০ বজাত শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জয় কাৰ্কীয়ে। ইয়াৰ পিছত মাল্যাৰ্পণ কৰে সমিতিৰ সম্পাদক ফূৰ্ব্ লামাই।
ইয়াৰ পাছতে অনুষ্ঠিত সাধাৰণ সভাত
ৰমেশ ঘিমিৰক সভাপতি আৰু আইতা সিং লিম্বুক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া বিটিআৰ গোর্খা সমাজৰ চিৰাং দুৱাৰ সমিতি খন গঠন কৰা হয় । পুৱা ১১ বজাৰ পৰা সমিতিৰ সভাপতি বিমল শৰ্মাৰ সঞ্চালনত এখন সাংগঠনিক সভা আয়োজন হয়। উক্ত সভাত অসম গোর্খা সন্মিলনীৰ চিৰাং জিলা সমিতিৰ সভাপতি হোম শৰ্মা, অসম নেপালী সাহিত্য সভাৰ চিৰাং জিলাৰ সভাপতি সোমনাথ সুবেদীয়ে সাংগঠনিক দিশত বক্তব্য ৰাখে। দুপৰীয়া এক বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। সমিতিৰ সভাপতি বিমল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মূখ্য অতিথিৰূপে বিটিআৰ গোর্খা সমাজৰ সভাপতি উত্তম প্ৰধান, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ ছেত্ৰী, এছুৰ সভাপতি চলেমান মুৰ্মূ য়ে গোর্খা সমাজে জাতিৰ হকে অতুলনীয় কাম কৰাত প্ৰশংসা কৰি অনাগত দিনত আৰু উদ্যমেৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে ৷ সভাত চিৰাং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জয় কাৰ্কী, সম্পাদক ফূৰ্ব্ লামা ,বিটিআৰ গোর্খা সমাজৰ উপ-সভাপতি ডিম্বেশ্বৰ উপাধ্যায় উপস্থিত থাকে। উক্ত সভাত বিটিআৰ গোর্খা সমাজৰ চিৰাং জিলাৰ পৰা জাতিৰ হকে কাম কৰা বিশিষ্ট ব্যক্তি আৰু সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। সভাৰ মাজতে গোর্খা যুৱতীয়ে নৃত্য গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰি তোলে।