বিশিষ্ট সমাজকৰ্মী, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য তথা ধৰ্মপ্ৰাণ ব্যক্তি ৰামেশ্বৰ পাতিৰৰ দেহাৱসান। দীৰ্ঘদিনৰ পৰা শাৰিৰীকভাৱে অসুস্থ হৈ থকা বয়োজ্যেষ্ঠ ৰামেশ্বৰ পাতিৰে শনিবাৰে সন্ধিয়া প্ৰায় ৭.৫০ বজাত দধীয়াৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৮৮ বছৰ। ইফালে বিশিষ্ট সমাজকৰ্মীজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দধীয়া আৰু লাইকা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। আজি শুভাকাংক্ষীসকলে তেওঁৰ বাসগৃহত উপস্থিত নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলী জনোৱা হয়। অন্যহাতে অগণন গুণমুগ্ধ আৰু ৰাইজৰ উপস্থিতিত আজি দিনৰ প্ৰায় ১২ বজাত মিচিং জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতি অনুসৰি নশ্বৰদেহ সমাধিস্থ কৰা হয়।

উল্লেখযোগ্য যে, বিশিষ্ট সমাজকৰ্মী ৰামেশ্বৰ পাতিৰ আছিল দধীয়া অঞ্চলৰ প্ৰথমগৰাকী বিন্ধাকটা আঞ্চলিক পঞ্চায়তৰ সদস্য। একালত কংগ্ৰেছৰ এগৰাকী সক্ৰিয় নেতা আছিল ৰামেশ্বৰ পাতিৰ। তেওঁৰ কাৰ্যকালত বহুকেইটা উল্লেখযোগ্য আঁচনি ৰূপায়ন কৰিবলৈ সক্ষম হৈছিল। তদুপৰি দধীয়া আৰু লাইকাৰ ভূমি আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিছিল পাতিৰে। সমাজৰ উত্তৰণৰ স্বাৰ্থত অনবদ্য বৰঙণি আগবঢ়াই থৈ যোৱা এইগৰাকী বিশিষ্ট ধৰ্মপ্ৰাণৰ মহাপ্ৰয়ানে সমগ্ৰ বিন্ধাকটা অঞ্চলৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি। মৃত্যুৰ সময়ত ৰামেশ্বৰ পাতিৰে তিনি পুত্ৰ, জী-জোৱাই, নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। আনহাতে বিশিষ্ট সমাজসেৱকজনৰ মৃত্যুত বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।