মৰিগাঁৱৰ ঝাৰগাঁও বালিমুখত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। দুইফৈদৰ মুখামুখি সংঘৰ্ষত এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন এজন লোক । ঘটনাৰ বিবৰণী মতে পাবলগীয়া টকা বিচাৰি যাওঁতেই জামাল নামৰ ব্যক্তিজনৰ পুত্ৰ জাহেড আলি আৰু সিহঁতৰ সৈতে এটা দলে দা-যাঠিৰে আক্ৰমণ কৰে ছামছুল হক আৰু ছাহিদুল্লা নামৰ ব্যক্তি দুজনক।
আক্ৰমণত দুয়ো গুৰুতৰভাৱে আহত হোৱাত ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়লৈ অনাৰ পথতে ছামছুল হক নামৰ ব্যক্তিজনৰ মৃত্যু হয় । আনহাতে আহত ছাহিদুল্লাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । ঘটনাটোৱে সমগ্ৰ অঞ্চলতোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।