সোণাৰিৰ টিটলাগড়ত পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে জনসাধাৰণক। শিলৰ অতিৰিক্ত বোজাই কঢ়িওৱা বাহনৰ বাবেই টিটলাগড়-নামৰূপ সংযোগী পথত পুখুৰী সদৃশ দ' দ' গাঁতৰ সৃষ্টি হোৱাৰ অভিযোগ। ব্যাপক সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ। পথটো নিৰ্মাণৰ দাবী টাইপা চৰাইদেউ জিলা সমিতিৰ।
সোণাৰি,২৬ জুলাই: সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত একাংশ বাটপথৰ বিধ্বস্ত অৱস্থাই ত্ৰাহি মধুসূদন দেখুৱাইছে পথাচাৰীক। সমষ্টিটোৰ অন্তৰ্গত বৰহাটৰ এটা অতি ব্যস্ত পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে জনসাধাৰণক। বৰহাটৰ টিটলাগড়ৰপৰা নামৰূপ সংযোগী পথটোৰ প্ৰায় বেছিভাগতেই সৃষ্টি হৈছে দ' দ'গাঁতৰ। যাৰ ফলত এতিয়া ব্যাপক সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ জনসাধাৰণৰ লগতে চৰাইদেউ তথা ডিব্ৰুগড় জিলালৈ যাতায়ত কৰা পথাচাৰীসকল। পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে বিগত সময়ত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা ফলতেই অতি কম দিনৰ ভিতৰতে গুৰুত্বপূৰ্ণ পথটো বিধ্বস্ত হৈ পৰা বুলি অভিযোগ উত্থাপন হৈছে। আনহাতে বৰহাট আঞ্চলিক বন কাৰ্য্যালয়ৰ অধীনস্থ পানবাৰীৰপৰা শিল কঢ়িওৱা বাহনত অতিৰিক্ত বোজা কঢ়িওৱাৰ ফলতো পথৰ দুৰৱস্থা সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে সম্প্ৰতি। ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে এই পথটো নিৰ্মাণৰ জৰিয়তে ৰাইজক উপকৃত কৰিবলৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতি আহ্বান জনাইছে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে।