সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত বিজেপি দলত যোগদান কাৰ্যসূচী সম্পন্ন। 

কংগ্ৰেছ দলে ২৫ বছৰ ধৰি সোণাৰি সমষ্টি দখল কৰা পাছতো সামগ্ৰিক উন্নয়ন নহ'ল বুলি মন্তব্য বিধায়কগৰাকীৰ। 

বিৰোধী দলৰ প্ৰতি আস্থা নথকাৰ বাবেই বিজেপি দলৰ প্ৰতি জনসাধাৰণ আকৃষ্ট হৈছে- ধৰ্মেশ্বৰ কোঁৱৰ

সোণাৰি, ২৬ জুলাই : সোণাৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তুলিবলৈ তৎপৰ হৈ উঠিছে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। এসময়ত কংগ্ৰেছৰ দুৰ্গ খ্যাত সোণাৰি বিধানসভা সমষ্টি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ দখললৈ অহাৰ পাছত সেই সময়ৰ বিধায়ক তপন কুমাৰ গগৈয়ে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ পাছত ২০১৯ চনত তপন গগৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হয় আৰু উপ নিৰ্বাচনৰ জৰিয়তে বিজেপিৰ নৱনীতা সন্দিকৈ বিধায়িকা হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিৰ দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰক জনসাধাৰণে ভোট দি বিধায়ক হিচাপে নিৰ্বাচিত কৰি তোলে। ইয়াৰ পাছৰপৰাই সোণাৰি সমষ্টিত বিজেপি দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। ন-পুৰণি দলীয় কৰ্মীসকলৰ লগত মত বিনিময় কৰাৰ লগতে নতুন নতুন কৌশলেৰে দলটোক কেনেদৰে ৰাইজৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিব পাৰি তাৰ প্ৰয়াস অব্যাহত ৰাখিছে বিধায়ক গৰাকীয়ে। ইফালে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন আঁচনি ৰূপায়নত ব্যস্ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সময়ে সময়ে দলত নতুন সদস্য যোগদান প্ৰক্ৰিয়াও অব্যাহত ৰখা পৰিলক্ষিত হৈছে। বিধায়ক গৰাকীৰ তৎপৰতাতেই আজিও বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ জাতীয়তাবাদী শিবিৰৰ ডেৰকুৰিৰোধিক লোকে দলটোত যোগদান কৰে। এই উদ্দেশ্যে সোণাৰিত আজি অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত প্ৰাক্তন আটাছু নেতা তথা অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সদ্যপ্ৰাক্তন নেতা গণেশ বৰগোহাঞিৰ নেতৃত্বত বিজেপি দলত যোগদান কৰে বিভিন্ন দল-সংগঠনৰ লোকসকলে। এই উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাত এপিজিচিএলৰ সঞ্চালক মণ্ডলীৰ অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন উপ পৌৰপতি গিৰিণ গগৈ, ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, চৰাইদেউ জিলা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গগৈ, জয়ন্ত বৰুৱাৰ লগতে বিজেপি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে। ইফালে বিৰোধী দলৰ প্ৰতি আস্থা নথকাৰ বাবেই আজি জনসাধাৰণে বিজেপি দলত যোগদান কৰা বুলি মন্তব্য কৰা লগতে সোণাৰি সমষ্টিটো ২৫ বছৰে কংগ্ৰেছ দলে দখল কৰা পাছতো সামগ্ৰিক উন্নয়ন নোহোৱা বুলিও মন্তব্য কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।