সম্পূৰ্ণ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নীতি-নিয়মৰ মাজেৰে কীৰ্তন পাঠত ব্যস্ত এজন ব্যক্তি । এইয়া কোনো নামঘৰৰ দৃশ্য নহয়,এজন ইছলাম ধৰ্মাৱলম্বী লোকৰ ঘৰৰ পৰিবেশ এইয়া । ঘৰটোৰ গৰাকী এখেত ৰেকিব শ্বাহ। গোলাঘাট কছাৰীহাটৰ নিবাসী এইগৰাকী ৰেকিব শ্বাহৰ বাসগৃহত চলিছে কীৰ্তন পাঠৰ গুঞ্জণ ।শংকৰ-আজানৰ দেশৰ এক অপূৰ্ব নিদৰ্শন হৈছে এইজন ব্যক্তি ৷ পবিত্ৰ ভাদ মাহৰ উপলক্ষে নিজ ঘৰতে পৰম্পৰাগত নীতিনিয়মেৰে কীৰ্তন পাঠ কৰিছে ৰেকিব শ্বাহে ৷ অসমীয়া সংস্কৃতিৰ নিয়ম অনুসৰি কলপাতৰ ওপৰত থাপনা থৈ চুৰিয়া,চেলেং,গামোচা পৰিধান কৰি কীৰ্তন পাঠ কৰিছে তেওঁ ৷ সম্পূৰ্ণ মাহজোৰা কীৰ্তন পাঠ কৰিব তেখেতে । কীৰ্তন পাঠ কৰি অন্তৰত প্ৰশান্তি লভাৰ কথাও উল্লেখ কৰিছে তেওঁ। ইছলাম ধৰ্মাৱলম্বী হৈও শংকৰদেৱৰ অমৰ সৃষ্টি কীৰ্তন পুথি পাঠ কৰি দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন। মহাপুৰুষ শংকৰদেৱে যিদৰে সকলোকে এক কৰাৰ প্ৰয়াস কৰিছিল তাকেই যেন প্ৰতিফলিত কৰিছে ৰেকিব শ্বাহে । ধৰ্মৰ নামত একাংশই বিভেদ সৃষ্টি কৰাৰ সময়তে এইগৰাকী ৰেকিব শ্বাহে দাঙি ধৰিছে ঐক্য সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા જીલ્લાનો શિપુ ડેમ તળિયા જાટક ઉપરવાસમાં અપૂરતા વરસાદને લીધે સમસ્યા સર્જાઈ,!
બનાસકાંઠા જીલ્લાનો શિપુ ડેમ તળિયા જાટક ઉપરવાસમાં અપૂરતા વરસાદને લીધે સમસ્યા સર્જાઈ,!
तळेगाव ढमढेरे मध्ये प्रशासनाला सुट्ट्या असताना काही राजकीय नेत्यांनी अतिक्रमण करत केले गाळ्यांचे काम
तळेगाव ढमढेरे मध्ये प्रशासनाला सुट्ट्या असताना काही राजकीय नेत्यांनी अतिक्रमण करत केले गाळ्यांचे काम
जगरूप सिंह रंधावा के जन्मदिन पर हुए विभिन्न कार्यक्रम
बूंदी 30 जून। राजस्थान ओबीसी कांग्रेस के प्रदेश महासचिव जगरूप सिंह रंधावा के जन्मदिवस पर रविवार...
আমাৰ লৰাটোৰ মৃতদেহটো হ'লেও ঘৰলৈ ঘূৰাই পথাওক: আলফা সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ আহ্বান পিতৃ মাতৃ আৰু পৰিয়ালৰ
যোৱা ৯ আগষ্ট ২০২২ তাৰিখে আলফা স্বাধীন আৰু NSCN এটা দলে অৰুণাচল প্ৰদেশৰ ভাৰত ম্যানমাৰ সীমান্তত থকা...