সম্পূৰ্ণ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নীতি-নিয়মৰ মাজেৰে কীৰ্তন পাঠত ব্যস্ত এজন ব্যক্তি । এইয়া কোনো নামঘৰৰ দৃশ্য নহয়,এজন ইছলাম ধৰ্মাৱলম্বী লোকৰ ঘৰৰ পৰিবেশ এইয়া । ঘৰটোৰ গৰাকী এখেত ৰেকিব শ্বাহ। গোলাঘাট কছাৰীহাটৰ নিবাসী এইগৰাকী ৰেকিব শ্বাহৰ বাসগৃহত চলিছে কীৰ্তন পাঠৰ গুঞ্জণ ।শংকৰ-আজানৰ দেশৰ এক অপূৰ্ব নিদৰ্শন হৈছে এইজন ব্যক্তি ৷ পবিত্ৰ ভাদ মাহৰ উপলক্ষে নিজ ঘৰতে পৰম্পৰাগত নীতিনিয়মেৰে কীৰ্তন পাঠ কৰিছে ৰেকিব শ্বাহে ৷ অসমীয়া সংস্কৃতিৰ নিয়ম অনুসৰি কলপাতৰ ওপৰত থাপনা থৈ চুৰিয়া,চেলেং,গামোচা পৰিধান কৰি কীৰ্তন পাঠ কৰিছে তেওঁ ৷ সম্পূৰ্ণ মাহজোৰা কীৰ্তন পাঠ কৰিব তেখেতে । কীৰ্তন পাঠ কৰি অন্তৰত প্ৰশান্তি লভাৰ কথাও উল্লেখ কৰিছে তেওঁ। ইছলাম ধৰ্মাৱলম্বী হৈও শংকৰদেৱৰ অমৰ সৃষ্টি কীৰ্তন পুথি পাঠ কৰি দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন। মহাপুৰুষ শংকৰদেৱে যিদৰে সকলোকে এক কৰাৰ প্ৰয়াস কৰিছিল তাকেই যেন প্ৰতিফলিত কৰিছে ৰেকিব শ্বাহে । ধৰ্মৰ নামত একাংশই বিভেদ সৃষ্টি কৰাৰ সময়তে এইগৰাকী ৰেকিব শ্বাহে দাঙি ধৰিছে ঐক্য সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા મોઢેશ્વરી સોસાયટીના રહીશોએ પાલિકા કચેરી ખાતે કરાઈ રજૂઆત
ડીસા મોઢેશ્વરી સોસાયટીના રહીશોએ પાલિકા કચેરી ખાતે કરાઈ રજૂઆત
વડનગર પંથકનો આર્મી જવાન સિક્કિમની નદી પાસે ત્રણ દિવસથી ગુમ, પરીવારજનો ભુખ્યા તરસ્યા જોઈ રહ્યા છે રાહ
વડનગર પંથકનો આર્મી જવાન સિક્કિમની નદી પાસે ત્રણ દિવસથી ગુમ, પરીવારજનો ભુખ્યા તરસ્યા જોઈ રહ્યા છે રાહ
Audi Q5 के हेडलाइट डिजाइन का टीजर जारी, 2 सितंबर को भारत में होगी लॉन्च
भारतीय बाजार में ऑडी अपनी नई मिड-साइज SUV Audi Q5 को लॉन्च करने जा रही है। कंपनी इसे 2 सितंबर...
ગુરુકૃપા સોસાયટીમાં રહેણાંક મકાનમાં શોર્ટ સર્કિટથી આગ લાગતા ઘરવખરી બળીને ખાખ.
ખંભાત શહેરમાં ગુરુકૃપા સોસાયટીમાં સવારના સુમારે હેણાંક મકાનમાં શોર્ટ સર્કિટથી આગ લાગી હતી.આંબાખડ...
ધ્રોલ ભૂચરમોરી ખાતે રચાયો ઇતિહાસ@Mahir kalam News
ધ્રોલ ભૂચરમોરી ખાતે રચાયો ઇતિહાસ@Mahir kalam News