নতুন দিল্লী, ২০ আগষ্ট। পুনৰবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী দল কংগ্ৰেছ। এইবাৰ কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে শনিবাৰে এক সংবাদমেলত মোদী চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। মোডী চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে বুলি অভিযোগ কৰে শ্ৰীনেটে। তেওঁ কয় যে আৰবিআইয়ে এক প্ৰতিবেদন শ্বেয়াৰ কৰি কৈছিল যে বেংকৰ ব্যক্তিগতকৰণে দেশৰ ক্ষতি কৰিব। কিন্তু তাৰ পিছতেই চৰকাৰৰ হেঁচাত আৰ.বি.আইয়ে এই প্ৰতিবেদন প্ৰত্যাহাৰ কৰিছে।

শ্ৰীনেটে কয় যে ১৮ আগষ্টত আৰবিআইৰ গৱেষণা বিভাগে এই প্ৰতিবেদন শ্বেয়াৰ কৰি দাবী কৰিছিল যে যদি ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ বেচৰকাৰী কৰণ অব্যাহত থাকে তেন্তে ই ৰাষ্ট্ৰৰ বাবে গুৰুতৰ ক্ষতি কৰিব পাৰে। প্ৰতিবেদনটো প্ৰকাশ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত আৰ.বি.আইয়ে চৰকাৰৰ হেঁচাত প্ৰতিবেদন আঁতৰাই দিছিল। 

শ্ৰীনেটে লগতে কয় যে পূৰ্বে ২৭ টা চৰকাৰী বেংক আছিল। কিন্তু এতিয়া মাত্ৰ ১২ টা হে বাকী আছে। এই মোদী চৰকাৰে প্ৰতিটো চৰকাৰী প্ৰতিষ্ঠানক ব্যক্তিগতকৰণ কৰিছে।