ধেমাজিত ৯২ বান পীড়িতলৈ ৯৫,০০০ টকীয়া সাহায্য মুকলি,অৰুনোদয়হিতাধিকাৰী পৰীক্ষাৰ বাবে ১৮৪ দল সাজু

চিলাপথাৰ, ২০ আগষ্ট: চলিত বৰ্ষৰ বানত ঘৰ-দুৱাৰ হেৰুৱা ধেমাজি জিলাৰ ৯২ জন লোকে আজি ৯৫,১০০ টকাকৈ অৰ্থ সাহায্য লাভ কৰে। ৰাজ্যজুৰি সকলো ক্ষতিগ্ৰস্তৰ একাউন্টত একেদিনাই এই ক্ষতিপূৰণৰ ধন প্ৰদান কৰাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে ধেমাজি জিলাৰো ক্ষতিগ্ৰস্ত লোক সকলে এই সাহায্যৰ ধন লাভ কৰে। এই উপলক্ষে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এটি অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই কেইগৰাকীমান হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে প্ৰতীকি চেক বিতৰণ কৰে। অনুষ্ঠানত দিয়া ভাষণত তেওঁ এনে পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। আজিৰে পৰা আৰম্ভ হোৱা অৰুণোদয় মাহ উপলক্ষে নিয়োজিত সত্যাৰ্পক সকলক অতি নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই দিয়া আদৰণি ভাষণত কয় যে, ধেমাজি জিলাত অৰুণোদয় আচঁনিৰ অধীনত মুঠ ৭০ খন গাওঁ পঞ্চায়ত আৰু ২২ টা পৌৰ ৱাৰ্ড সামৰি মুঠ ৩৫,৫০০ জন হিতাধিকাৰী আছে। তেওঁলোকৰ সবিশেষ তথ্য সত্যাৰ্পণৰ বাবে ৯২ জন পৰিদৰ্শকৰ তত্বাৱধানত ১৮৪ দল গঠন কৰা হৈছে আৰু তাৰ বাবে মুঠ ৩৬৮ জন সদস্যক নিয়োগ কৰা হৈছে। তেওঁলোকে প্ৰতিজন হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ তথ্য সমূহ পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দি এই কাৰ্যত সহযোগ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। অতিৰিক্ত উপায়ুক্ত উৎপল দলে আঁতধৰা সভাখনত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব পুষ্পাঞ্জলী দাসেও চমু ভাষণ দিয়ে। অতিৰিক্ত উপায়ুক্ত যাদৱ পেগুয়ে অৰুণোদয় মাহৰ সময়চোৱাত তথ্য পৰীক্ষক সকলৰ কৰ্তব্যৰ বিষয়ে বুজাই কয়। সভাত যোৱা বানত ক্ষতিগ্ৰস্ত হোৱা একাংশ হিতাধিকাৰীৰ উপৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সত্যাৰ্পনৰ বাবে নিয়োজিত লোক সকলো উপস্থিত থাকে।