সাপেখাতী ৰাজহ চক্ৰৰ সীমান্তৱৰ্তী বালিজান গ্ৰাণ্টৰ ভুৱন নগৰৰ সাংস্কৃতিক প্ৰেক্ষাগৃহ উদ্বোধন কৰাৰ পূৰ্বে দেৱাল ছিয়ালফাট দিলে।ৰাইজৰ প্ৰতিবাদ।

উল্লেখ্য যে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বেঙেনাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বালিজান গ্ৰাণ্টৰ ভুৱন নগৰৰ ৰাজহুৱা খেলপথাৰত ৰাইজৰ বহু আবেদন ফলস্বৰূপে এটা সাংস্কৃতিক প্ৰেক্ষাগৃহ নাবাৰ্ডৰ প্ৰায়২৫লাখ টকাৰ পুঁজিয়ে বিগত ২০১৯বৰ্ষতে নিৰ্মাণ সাংস্কৃতিক প্ৰেক্ষাগৃহটো আজি পৰ্যন্ত উদ্বোধন নকৰাত স্থানীয় সচেতন ৰাইজে ক্ষোভ কৰিছে।আনহাতে অতিপৰি তাপৰ বিষয় যে প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰি উদ্বোধন কৰাৰ পূৰ্বে প্ৰেক্ষাগৃহৰ ফ্ল',ৱাল ফাটি যোৱা পৰিলক্ষিত হৈছে।স্থানীয় সচেতন ৰাইজৰ অভিযোগ মতে জনৈক গগৈ উপাধি ধাৰি ঠিকাদাৰ জনে অতি নিম্নমানৰ সামগ্ৰীয়ে নিৰ্মাণ কৰাৰৰ বাবেই ফ্ল' খন ছিয়ালফাট দিয়াৰ লগতে ৱাল ফাটি যোৱা পৰিলক্ষিত হৈছে।

প্ৰেক্ষাগৃহটো অচিৰেই পুণৰ মেৰামতি কৰি ৰাজৰ সুবিধাৰ্থে মুকলি কৰি দিবলৈ ৰাইজে দাবী জনাইছে।