নাৰীবাদী আন্দোলনৰ অন্যতম নেত্ৰী, শিক্ষাবিদ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃঅপৰ্ণা মহন্তৰ জন্ম বাৰ্ষিকী ২০ আগষ্টত অসম বিজ্ঞান সমিতিৰ ডিব্ৰুগড়ৰ উদ্যোগত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত এখন আলোচনা সভাৰ মাধ্যমেৰে অনুষ্ঠিত কৰা  হয়। সভাৰ আৰম্ভণিতে প্ৰয়াত শিক্ষাবিদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেখেতৰ স্বামী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপক ডঃপৰমা মহন্তই। অসম বিজ্ঞান সমিতিৰ ডিব্ৰুগড় শাখাৰ সভাপতি ডঃভাৰতী দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সম্পাদক নাচিৰ চুলতানে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছত প্ৰয়াত নাৰীবাদী নেত্ৰী গৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এক পৰিচয় মূলক বক্তব্য আগবঢ়ায় সমিতিৰ কাৰ্য্যকৰী সভাপতি সুদক্ষিণা দাসে।সভাত যোৱা ২৬ জানুৱাৰীত পৰলোকপ্ৰাপ্তি ঘটা উক্ত শিক্ষাবিদ তথা নাৰীবাদী আন্দোলনৰ অন্যতম আগৰণুৱা ব্যক্তি ডঃঅপৰ্ণা মহন্তৰ চিন্তা আৰু আদৰ্শৰ ওপৰত বিভিন্ন দৃষ্টিকোণেৰে একোটাকৈ ভাষণ দিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফ'ৰ ওমেন ষ্টাডিজৰ দেবযানী বৰা,কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃশশী শইকীয়া,ডঃৰঞ্জিত সিনহা,মধুমিতা পুৰকায়স্থ, জিতুমণি বৰদলৈ,দিপালী শইকীয়া, সাংবাদিক শৰৎচন্দ্ৰ নেওগ, কমলেশ্বৰ তাঁতী,আৰু বিৰাজ দত্তয়ে।সভাত ৰঞ্জু ভট্টাচাৰ্যই এটি ভজন পৰিবেশন কৰে।

উক্ত সভাতেই সদ্যপ্ৰয়াত ডঃঅপৰ্ণা মহন্তৰ ৰচিত পাঁচখন গ্ৰন্থ ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিকৰ হাতত অৰ্পণ কৰে।