দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইৰ পৰা এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। মুম্বাই আৰক্ষীৰ ট্ৰেফিক নিয়ন্ত্ৰণ কক্ষলৈ সন্ত্ৰাসবাদীয়ে ফোনযোগে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে। 

সেই ফোনটোত কৈছিল যে মুম্বাইত ২৬/১১ ৰ দৰে দ্বিতীয়টো আক্ৰমণ হ'ব। এই ফোনটো পাকিস্তানৰ পৰা আহিছিল। ইয়াৰ লগতে হোৱাটছএপৰ জৰিয়তে এটা ভাবুকিপূৰ্ণ বাৰ্তাও লাভ কৰিছে মুম্বাই আৰক্ষীয়ে।

পাকিস্তানী নম্বৰৰ পৰা প্ৰেৰণ কৰা বাৰ্তাটোত লিখা আছে যে ' শুভেচ্ছা থাকিল, পুনৰ মুম্বাইত আক্ৰমণ হ'ব’।

‘মই পাকিস্তানৰ হয়। মোৰ লোকেচন অনুসন্ধান কৰিবলৈ চেষ্টা নকৰিব। মোৰ লোকেচন সন্ধান কৰি একো লাভ নহ'ব’, এইদৰে ভাবুকি প্ৰদান কৰি বাৰ্তাটোত কেইটামান নম্বৰো দিছে।