গোলাঘাটৰ দলৌজানত ব্লক নিৰ্মাণ কৰা এটা কাৰখানাত সংঘটিত হৈছে এক অঘটন। কাৰাখানাত কৰ্মৰত এজন শ্ৰমিকৰ এখন হাত মেছিনত সোমাই যোৱাত গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে।

শ্ৰমিকজনক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰে।

ঘটনা সংঘটিত হোৱাৰ পিছত গোলাঘাট আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

দুৰ্ভাগ্যজনক ঘটনাটোত আহত হোৱা শ্ৰমিকজন বিহাৰৰ ছাফ্ৰাছ আলম বুলি জানিব দিয়ে কাৰখানাৰ কৰ্তৃপক্ষই।

অত্যন্ত চাঞ্চল্যকৰ এই ঘটনাটোক লৈ এতিয়া কাৰখানাটোত কৰ্মৰত আন আন শ্ৰমিকসকলৰ মাজত ভয়-শংকাই দেখা দিছে।