১০৯ নং বিহপুৰীয়া সমষ্টিত প্ৰলয়ংকৰী বানে ক্ষতিগ্ৰস্ত কৰা বাট পথ নিৰ্মাণত ব্যস্ত হৈ পৰিছে বিধায়ক অমিয় কুমাৰ ভূঞা৷ বিগত দিনত বানে সমষ্টিটোৰ গ্ৰামাঞ্চলৰ বহু গুৰুত্বপূৰ্ণ বাট পথ চিঙি ক্ষত বিক্ষত কৰিছিল৷
বিধায়কগৰাকীয়ে তৎপৰতাৰে ক্ষতিগ্ৰস্ত বাট পথসমুহ পৰিদৰ্শন কৰি বিভাগীয় বিষয়া কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিক নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে সাধ্য অনুসাৰে নিজৰ পুঁজিৰে ৰাইজৰ সহযোগত গ্ৰাম্য পথ যাতায়তৰ সুচল কৰাত ব্যস্ত হৈ পৰিছে৷
উল্লেখ্য যে সমষ্টিটোৰ বহু গাঁৱৰ সৈতে এতিয়াও যাতায়ত যোগাযোগ সুচল হোৱা নাই। এইক্ষেত্ৰত ৰাইজে যথেষ্ট কষ্টৰে দিন অতিবাহিত কৰিব লগা হৈছে। বিধায়কগৰাকীয়ে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি ৰাইজৰ কষ্ট লাঘব কৰাৰ চেষ্টা অব্যাহত ৰখাত ৰাইজৰ মাজত সংকটৰ সৈতে যুঁজ দিয়াৰ সাহস বৃদ্ধি পাইছে।
 
  
  
  
  
  