আম অদমি পাৰ্টি দৰং জিলা কমিটি গঠন

যোৱা ২৪.০৭.২০২২ তাৰিখে মঙ্গলদৈ স্থিত মঙ্গলদৈ youth ক্লাৱত এখন সভা আয়োজন কৰা হয়। উক্ত সভাত আম অদমি পাৰ্টি দৰং জিলাৰ জিলা কমিটি গঠন কৰা হয়। এই সভাত দৰং জিলাৰ আটাইকেইটা সমষ্টিৰ ক্ৰমাৎ ছিপাঝাৰ,মঙ্গলদৈ,দলগাঁও আৰু কলাইগাঁও। চাৰি সমষ্টিৰ প্ৰতিনিধিক লৈ সভাখন সভাপতিত্ব কৰে ছিপাঝাৰৰ নাজমল হুছেইনে । ৰাজ্যিক সমিতিৰ পৰা প্ৰতিনিধিতত্ব কৰে পবিত্ৰ বড়ো, পলাক্ষী দাস , ধনজিত তালুকদৰে। 

 মঙ্গলদৈ,ছিপাঝাৰ,দলগাওঁ আৰু কলাইগাঁও সমষ্টিৰ সকলো আম অদমি পাৰ্টিৰ কৰ্মকৰ্তাক লৈ এই কমিটীখন গঠন কৰা হয়। সদনৰ প্ৰস্তাৱ আৰু অনুমতি মৰ্মে শ্ৰী যুতা ৰাজশ্রী অনিল ক জিলা সমন্বয়ক আৰু শ্ৰী যুত ধীৰাজ হীৰা ক যুটীয়া সমন্বয়ক হিচাবে গ্ৰহণ কৰা হয়।

 অৰবিন্দ কেজৰীয়াল নেতৃত্বত আম অদমি পাৰ্টিৰ নীতি আদৰ্শৰ সন্মান জনাই সকলো সমষ্টিৰ সদস্য সকলে অতি উদ্যমত ওলাই অহা পৰিলক্ষিত হয়। আম অদমি পাৰ্টিযে এক নিকা আৰু দৃঢ় সততাৰ ৰাজনীতিত বিশ্বাস কৰে যি এক নতুন দিশৰ সূচনা কৰিব বুলি সকলোৱে আশাৰে আগন্তুক নিৰ্বাচনলৈ ৰৈ আছে।