আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ উত্থান আৰু বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৰ্বতত কাছ কণী বিচাৰি আছে বুলি কটাক্ষ কৰে। 

নগাঁও জিলাৰ পুৰণিগুদামস্থিত মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ভৱেশ কলিতাই লগতে ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং হোৱা নাই বুলিও কয়।

ক্ৰছ ভোটিঙৰ চৰ্চা চলি থকা সন্দৰ্ভত তেওঁ কয়, ‘ক্ৰছ ভোটিং হোৱা নাই, বিৰোধী একাংশ বিধায়কে বিবেকেৰে ভোট প্ৰদান কৰিছে’।

আনহাতে ই ডি সন্দৰ্ভত মন্তব্য কৰি কয় যে কংগ্ৰেছে মহাপাপ, অপকৰ্ম আৰু ৭০ বছৰীয়া দুৰ্নীতিৰ ফল ভোগ কৰিছে।