নামৰূপ BVFCL ত কৰ্মৰত ঠিকা শ্ৰমিকে ন‍্যাৰ্য‍্য প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

বি.ভি.এফ.চি.এল'ৰ মুখ্য প্ৰৱেশ দুৱাৰ সন্মুখত আজি কন্ট্ৰেকটৰ লেবাৰ ইউনিয়ন (CLUN)আৰু বি.ভি.এফ.চি.এল মেনেজমেণ্ট'ৰ মাজত হোৱা চুক্তিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে যোৱা ইংৰাজী ২০/৭/২০২২ তাৰিখে চিতু(Citu) ৰ অন্তৰ্গত কন্ট্ৰেকটৰ লেবাৰ ইউনিয়ন(CLLUN)ৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি বহুকেইজন বিষয়ববীয়াই আলোচনা কৰি পাঁচ বছৰীয়া এখন চুক্তি কৰে। বি.ভি.এফ.চি.এল মেনেজমেণ্টৰ লগত হোৱা উক্ত চুটি খনৰ সন্দৰ্ভত শ্ৰমিক সকলক কোনো কথা অৱগত নকৰাকৈ কন্ট্ৰেকটৰ লেবাৰ ইউনিয়ন (CLUN)ৰ বিষয়ববীয়া সকলে শ্ৰমিক আয়ুক্ত কাৰ্য‍্যালয়ত(Labour commissioner)চুড়ান্ত ৰূপ দিয়ে।উক্ত চুক্তিখন চুড়ান্ত ৰূপ লাভ কৰাৰ পাছতে শ্ৰমিক সকলে আশা কৰা ধৰণে কোনো ধৰণৰ লাভালাভ আজিও দেখা নেপালো বুলি মন্তব্য প্ৰকাশ কৰে।