পৱিত্ৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ শালমাৰা গোঁসাই দোভা পাৰস্থিত আঞ্চলিক শ্ৰীশ্ৰী শিৱমন্দিৰ গৰখীয়া থান প্ৰাঙ্গনত আজি পালন কৰা হয় শ্ৰী কৃষ্ণ জন্মাষ্টমী ।

শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ৰাতিপুৱাৰ ভাগৰে পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় শিৱমন্দিৰ প্ৰাঙ্গণত । ধূপ-দ্বীপ, নৈবেদ্যৰে জীপাল হৈ পৰে শালমাৰাস্থিত আঞ্চলিক শ্ৰীশ্ৰী শিৱমন্দিৰ গৰখীয়া থানৰ বাকৰি ৷

জন্মাষ্টমীৰ কাৰ্যসূচী অনুসৰি আজি 

নাগাৰা নাম পৰিৱেশন কৰে জনপ্ৰিয় শিল্পীৰামচৰণ ভৰালীয়ে ৷ নাগাৰানাম প্ৰদৰ্শন মুকলি কৰে বিশিষ্ট লেখিকা তথা সমাজসেৱিকা উৰ্বশী চৌধুৰীয়ে । আজিৰ অনুষ্ঠানতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তা সকলে ।