এইবাৰ সুদূৰ ডুবাইত বিহু নাচৰ লহৰত উদ্বেলিত হ'ল দৰ্শক।কেৱল সেয়ে নহয় অসমৰ স্বাভিমানৰূপী বিহু নাচৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি দেশ তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিশ্বনাথৰ ত্ৰিস্মিতা বৰাই।উল্লেখ্য যে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ডুবাইত ইণ্টাৰনেচনেল কালচাৰেল কনক্লেভ ২০২২ৰ প্ৰতিযোগিতাত শোণিতপুৰৰ বালিপৰাৰ আসাম ভেলী স্কুলৰ ত্ৰিস্মিতাই শিক্ষাগুৰু ৰুবী বৰা বৰদলৈৰ তত্বাৱধানত লোক নৃত্য শাখাত অংশ গ্ৰহণ কৰে।ইতিমধ্যে এই নৃত্য প্ৰতিযোগিতাত বিহু নৃত্য প্ৰদৰ্শন কৰি বিশ্বনাথৰ ত্ৰিস্মিতা বৰাই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।যোৱা ১৩ আগষ্টৰ পৰা ১৬ আগষ্ট পৰ্যন্ত চলা এই প্ৰতিযোগিতাত বিভিন্ন দেশৰ প্ৰতিযোগীয়ে ভিন্ন নৃত্য গীত পৰিৱেশন কৰে।যথেষ্ট সংখ্যক প্ৰতিযোগীৰ মাজত বিহু নাচৰে ত্ৰিস্মিতাই বঁ‌টা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। বিশ্বনাথ চাৰিআলিৰ নগাৱৰ দিগন্ত বৰা আৰু ৰূপজ্যোতি বৰাৰ কন্যা ত্ৰিস্মিতাই আসাম ভেলী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী।ভাৰতীয় কলা সাংস্কৃতিক সংস্থা আৰু শ্ৰী ডান্স ষ্টুডিঅ , চলাপুৰৰ উদ্যোগত ডুবাইৰ মল অফ এমিৰেটত অনুষ্ঠিত হৈছিল এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা।

 এই প্ৰতিযোগিতাত ভাৰত,মায়লেছিয়া, ইণ্ডোনেছিয়া, ডুবাই ,কলম্বিয়া আদি ৰাষ্ট্ৰৰ যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।এই অনুষ্ঠানত নৃত্য, সংগীত, ফেচন শ্ব প্ৰতিযোগিতা অনুষ্ঠিত হয়।এই প্ৰতিযোগিতাত ত্ৰিস্মিতাৰ উপৰি আৰু ১৫গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।