বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আগন্তুক এছিয়া কাপ আৰু টি-২০ বিশ্বকাপৰ বাবে জাতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ শ্ৰীধৰণ শ্ৰীৰামক। 

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এজন সঞ্চালকে সংবাদ মাধ্যমক কয়, ‘হয়, আমি ২০২২ চনৰ বিশ্বকাপলৈকে শ্ৰীৰামক প্ৰশিক্ষক হিচাপে নিযুক্তি দিছো’। আমি পজিটিভ চিন্তাৰে আগবাঢ়িছো আৰু এছিয়া কাপৰ পৰা নতুন প্ৰশিক্ষকক নিযুক্তি দিয়া হৈছে। টি-২০ বিশ্বকাপ আমাৰ মূল লক্ষ্য আৰু সেয়ে পৰ্যাপ্ত সময় লাভৰ বাবে এছিয়া কাপৰ পূৰ্বে নিযুক্তি প্ৰয়োজনীয়’।

উল্লেখ্য যে ২০০০ চনৰ পৰা ২০০৪ চনৰ ভিতৰত ভাৰতৰ হৈ ৮খন এদিনীয়া মেচ খেলা শ্ৰীৰামে অষ্ট্ৰেলিয়াৰ সহকাৰী আৰু স্পিন বলিং প্ৰশিক্ষকৰ দায়িত্বও পালন কৰিছিল।