গীতি-কাব্য সাহিত্য-সংস্কৃতি অন্যতম বহুমূলীয়া স্ৰষ্টা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম দিৱস। 

আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্মদিন

সোণাৰিৰ সোণালীপামত বহি গীত-সাহিত্য চৰ্চা কৰিছিল পাৰ্বতি প্ৰসাদ বৰুৱাই।

কবি ,গীতিকাৰ ,নাট্যকাৰ ,অসমীয়া সাহিত্য- সংস্কৃতি বহুমূলীয়া অৱদানেৰে চহকী কৰি থৈ যোৱা মহান শিল্পী গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা দেৱে ১৯০৪ চনৰ ১৯ আগষ্টত জন্মগ্ৰহণ কৰিছিল ৷ এইগৰাকী মহান শিল্পী আজি পবিত্ৰ জন্মবাৰ্ষিকী।

বৰুৱাদেৱে অজস্ৰ গীত,কবিতা আৰু অন্যান্য ৰচনাৱলীৰ লগতে অসমীয়া চতুৰ্থখন ছবি 'ৰূপহী' নিৰ্মাণ কৰি অসমীয়া সাহিত্য- সংস্কৃতিৰ ভঁৰাল চহকী থৈ গৈছে ৷

 VO: আজি অসমীয়া গীতি-কাব্য সাহিত্যৰ অন্যতম স্ৰষ্টা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম দিন। ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌ নৈৰ পাৰৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা পাৰ্বতি প্ৰসাদ বৰুৱাই জীৱনৰ সৰহভাগ সময় সোণাৰিৰ "সোণালী পাম"ত থাকিয়েই ৰচনা কৰিছিল বহু চিৰসেউজ গীত, কবিতা তথা নাটক। চতুৰ্থ খন অসমীয়া বোলছবি 'ৰূপহী' ৰ নিৰ্মাতা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই যোৰহাটৰ সৰু চৰাই বাগিচাত থকা সময়তে সৃষ্টি কৰিছিল "জোনাকী মেল"ৰ। নিভাঁজ অসমীয়া থলুৱা শব্দৰ গাঁথনি, থলুৱা সুৰ প্ৰয়োগেৰে চিৰসেউজ গীত আৰু কবিতা ৰচনা কৰা গীতিকবি গৰাকীয়ে এটি কলি দুটি পাতেৰে ভৰপূৰ চাহ বাগিচাৰ মালিক হৈও সমাজ-সংস্কৃতিক বাদ নিদি আইনাম, বিয়ানাম, বৰগীত, বনগীতৰ সুৰ প্ৰয়োগেৰে অসমীয়া সংগীত জগতত এটা নতুন ধাৰাৰ সংযোজন কৰিছিল। ওপজা মাটিৰ সুবাসেৰে সুবাসিত বহু চিৰসেউজ গীত-কাব্য সাহিত্যৰ স্ৰষ্টা এইগৰাকী মহান অসমীয়াই প্ৰকৃতিৰ লগত খেল খেলি এটা সময়ত ভাগৰি পৰিল। ১৯৬৪ চনৰ ৭ জুন তাৰিখে নিয়তীয়ে কাঢ়ি নিলে গীতিকবি গৰাকীক। গীতিকবিৰ মৃত্যুৰ পাছৰ পৰাই যেন ক্ৰমশঃ নিস্তব্ধ হৈ পৰিল সোণাৰিৰ "সোণালী পাম"।